পুনৰ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ দাম…

অব্যাহত আছে পেট্ৰ’ল-ডিজেলৰ উৰ্দ্ধগামী যাত্ৰা।

শনিবাৰে পুনৰ বৃদ্ধি পালে পেট্ৰ’ল ডিজেলৰ দাম।

তেল বিপনন কোম্পানীসমূহে শনিবাৰেও ৩৫ পইচাকৈ বৃদ্ধি কৰে ইন্ধনজাত সামগ্ৰীৰ দাম।

যাৰ ফলত গুৱাহাটীত ৫৯ পইচা বৃদ্ধি পালে পেট্ৰ’লৰ দাম।

দেশত ক্ৰমাগতভাৱে চতুৰ্থ দিনাও বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ দাম।

দিল্লীত প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম হৈছে ১০৭.২৪ পাইচা।

মুম্বাইত প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম হৈছে ১১৩.১২ পাইচা, আনহাতে ডিজেলৰ দাম হৈছে ১০৪ টকা।

গুৱাহাটীত শনিবাৰে পেট্ৰ’লৰ দাম ৫৯ পইচা বাঢ়ি মুঠ হৈছেগৈ ১০৩.৪৬ টকা।

Leave a Comment