অসম

দেশৰ বৈদ্যুতিক ৰে’লৰ মানচিত্ৰত সংযোজিত অসম, ৰাজ্যত আৰম্ভ হ’ল বিদ্যুৎচালিত ৰে’লসেৱা…

দেশৰ বৈদ্যুতিক ৰে’লৰ মানচিত্ৰত সংযোজিত হ’ল অসম।

ৰাজ্যত আৰম্ভ হ’ল বিদ্যুৎচালিত যাত্ৰীবাহী ৰে’লসেৱা।

বিদ্যুত চালিত ইঞ্জিনেৰে ব্ৰহ্মপুত্ৰ ৰে’লে শুক্ৰবাৰে গুৱাহাটীৰ কামাখ্য ষ্টেশ্যনৰ পৰা নতুন দিল্লীলৈ যাত্ৰা আৰম্ভ কৰে।

কামাখ্যা ষ্টেশ্যনৰ পৰা দেশৰ ৰাজধানীলৈ প্ৰথমবাৰৰ বাবে বিদ্যুত চালিত ইঞ্জিনেৰে ৰে’ল চলাচল আৰম্ভ হােৱাৰ লগে লগে দেশৰ বৈদ্যুতিক ৰে’লৰ মানচিত্রত অসমৰ নাম অন্তর্ভুক্ত হয়।

এতিয়াৰে পৰা গুৱাহাটীৰ কামাখ্যা ৰে’ল ষ্টেশন লৈ আৰু কামাখ্যাৰ ৰে’ল ষ্টেশ্যনৰ পৰা দেশৰ বিভিন্ন প্রান্তলৈ বৈদ্যুতিক ইঞ্জিনযুক্ত ৰেল চলাচল কৰিব পাৰিব।

উল্লেখ্য যে, উত্তৰ পূব সীমান্ত ৰেলৱেত সৰ্বমুঠ ৭৬০ কিলােমিটাৰ ৰেলপথ বৈদ্যুতিকৰণ কৰি তোলা হৈছে। এই বৈদ্যুতিকৰণৰ কাৰ্য ৰেল বিকাশ নিগম লিমিটেড আৰু ৰেল বৈদ্যুতিকৰণৰ কেন্দ্রীয় সংস্থাই সম্পাদন কৰে। 

এই পর্যন্ত কাটিহাৰ আৰু মালদাহৰ পৰা নিউ কোচবিহাৰ পর্যন্ত বৈদ্যুতিক ইঞ্জিনেৰে চালিত ৰেলৰ চলাচল হৈছিল। সাধাৰণতে নামনিমুৱা ৰে’লসমূহৰ পৰা নিউ কোচবিহাৰত বৈদ্যুতিক ইঞ্জিন আঁতৰাই যাত্ৰাৰ বাবে ডিজেল ইঞ্জিন সংযােজিত কৰা হৈছিল।

বর্তমান কামাখ্যা পর্যন্ত বৈদুতিকৰণৰ কাম সম্পূর্ণ হৈ উঠাৰ বাবে ৰে’লৰ ট্রেকচনৰ পৰিৱৰ্তন নকৰাকৈয়ে প্রত্যক্ষ ৰূপে কামাখ্যা ষ্টেশ্যন পর্যন্ত চলাচল কৰিব পাৰিব।

ঠিক এনেধৰণে নিউ দিল্লীৰ পৰা কামাখ্যা পর্যন্ত ইঞ্জিন পৰিৱৰ্তন নকৰাকৈ প্রত্যক্ষৰূপে ৰেল যােগাযােগ এতিয়াৰে পৰা সম্ভৱ হৈ উঠিল।

এই সন্দৰ্ভত ভাৰতীয় জনতা পাৰ্টী অসম প্ৰদেশে এক প্ৰেছ বিবৃতি যোগে কয় যে, বৈদ্যুতিক ইঞ্জিনযুক্ত ৰে’লৰ চলাচলে যােগাযােগ ব্যৱস্থাক ক্ষীপ্ৰ কৰি তােলাৰ লগতে খাদ্য বস্তু আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্রীৰ সৰবৰাহ কৰা প্রক্রিয়াক সুচল আৰু সুলভ কৰি তুলিব।

বৈদ্যুতিক ইঞ্জিনযুক্ত ৰে’লৰ চলাচলে অসমৰ অর্থনীতিক আত্মনিৰ্ভৰ কৰি তােলাত যথেষ্ট অৰিহনা আগবঢ়াব বুলি বিজেপি অসম প্রদেশৰ সভাপতি ভৱেশ কলিতাই মন্তব্য কৰিছে।

লগতে কলিতাই এন এফ ৰেলৱেৰ বিষয়া কৰ্মচাৰী সকলক এই শুভ কামৰ বাবে আন্তৰিক শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *