ভয়ংকৰ দুৰ্ঘটনা! তীব্ৰবেগী বাহনে মহটিয়াই নিলে কেইবাজনো লোকক, এগৰাকী কণমানিৰ মৃত্যু…

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

একেখন গাড়ীয়েই দুৰ্ঘটনা সংঘটিত কৰিলে দুটা স্থানত৷

তীব্ৰবেগী বাহনৰ খুন্দাত থিতাতে নিহত এঘৰাকী কণমানি, আহত ৪ জনকৈ লোক।

বোকাখাতৰ লখৌজান আৰু লতাবাৰীত পথ দুৰ্ঘটনা৷

দুৰ্ঘটনাটোত দুবছৰীয়া এগৰাকী কণমানি নিহত হোৱাৰ লগতে গাড়ীখনৰ চালকসহ চাৰিজন আহত হয়৷

নিহত কণমানিজনীৰ নাম আলিচা বেগম (২)।

আনহাতে তচলিমা বেগম (২৫), আতিকুৰ ৰহমান (২০) (চালক) পদ্মেশ্বৰ পেগু (২২) আৰু ৰঞ্জিত চাওতাল (৩০)।

দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ নম্বৰ হৈছে- AS 01 BS 6888 ।

গাড়ীখনে লখৌজানত দুজনক খুন্দিয়াই আহি লতাবাৰীত কণমানিজনীক খুন্দিয়াই নিহত কৰাৰ লগতে মাতৃক আহত কৰে।