এক শোকাৱহ পথ দুৰ্ঘটনা।
পথ দুৰ্ঘটনাত কৰুণ মৃত্যুক সাৱটিলে এগৰাকী নিৰ্বাচনী বিষয়াই।
মেঘালয়ত দেওবাৰে পুৱতি নিশা সংঘটিত এক পথ দুৰ্ঘটনাত মৃত্যু হয় চেছান মাৰাক নামৰ বিষয়া গৰাকীৰ।
জানিব পৰা মতে, মাৰাকসহ এটা দল নিৰ্বাচনী দায়িত্বৰ বাবে ফোটামাটিলৈ গৈ থকা অৱস্থাত পশ্চিম গাৰো পাহাৰৰ টিক্ৰিকিল্লাৰ সমীপত দলটো দুৰ্ঘটনাত পতিত হয়।
দুৰ্ঘটনাটোৰ পিছত আটাই কেইজনকে হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও পিছত মাৰাকৰ মৃত্যু ঘটে।
মাৰাক তুৰাৰ বাসিন্দা আৰু গাম্বেগ্ৰে ব্লকত এমজিএনৰেগাৰ কাৰিকৰী সহায়ক আছিল আৰু জাংৰাপাৰা ভোটগ্ৰহণ কেন্দ্ৰত পুলিং বিষয়া হিচাপে নিয়োজিত হৈছিল।









