অসম

‘জীৱনত আমি ক’ত পালোঁ ?? সমাজ সাৰ পোৱাৰ প্ৰয়োজন’- গুৱাহাটীৰ চাঞ্চল্যকৰ হত্যাকাণ্ড সন্দৰ্ভত জি পি সিঙৰ টুইট

পৰকীয়া প্ৰেম আৰু সম্পত্তীৰ লোভৰ বাবেই গুৱহাটীৰ নুনমাটিত সংঘটিত নৃশংস হত্যাকাণ্ডই জোঁকাৰিছে সমগ্ৰ ৰাজ্য।

স্বামী আৰু শাহুৱেকক হত্যা কৰি টুকুৰা টকুৰকৈ কাটি ফ্ৰীজত ভৰাই ৰাখি অৱশেষত মেঘালয়ৰ ভিন্ন স্থানত মৃতদেহ পেলাই দিছিল বোৱাৰী বন্দনা কলিতাই।

এই চাঞ্চল্যকৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে।

ঘটনাৰ তদন্তত সাফল্যৰ বাবে গুৱাহাটী আৰক্ষীক প্ৰশংসা কৰে DGP জি পি সিঙে৷

ঘটনাক অমানৱীয় আখ্যা দিয়াৰ লগতে সামাজিক সচেতনতা সৃষ্টিৰ আহ্বান জনাই DGP জি পি সিঙে।

লগতে সমাধান নোহোৱা গোচৰসমূহ আমি সমাধান কৰিব লাগে বুলি টুইটত উল্লেখ কৰে জি পি সিঙে।