চৰকাৰী ঘৰ দিবলৈ কোনোৱাই এক টকা ল’লেও জে’লত ভৰোৱা হ’বঃ মুখ্যমন্ত্ৰী…

ৰাজ্যত এতিয়া বলিছে উপ নিৰ্বাচনৰ গৰম বতাহ।

৫ সমষ্টিৰ উপ নিৰ্বাচনক লৈ এতিয়া সাজু হৈছে শাসক বিৰোধী প্ৰতিটো ৰাজনৈতিক দল।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও নামি পৰিছে তীব্ৰ প্ৰচাৰ অভিযানত।

সোমবাৰৰ আবেলি গোসাঁইগাঁৱত উপস্থিত হৈ মুখ্যমন্ত্ৰী শৰ্মাই নিশা বহু দল-সংগঠনৰ প্ৰতিনিধিক সাক্ষাৎ কৰে৷

মঙলবাৰে পুৱাই মিত্ৰজোঁটৰ প্ৰাৰ্থী জিৰণ বসুমতাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় মুখ্যমন্ত্ৰী শৰ্মাই৷

গোসাইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত বিজেপিৰ এই নিৰ্বাচনী সভাত বিৰোধী কংগ্ৰেছ আৰু AIUDFক কঠোৰ ভাষাৰে সমালোচনা কৰে৷

মুখ্যমন্ত্ৰীয়ে ক’লে- ‘কংগ্ৰেছৰ চৰকাৰ আছে নেকি ইয়াত? AIUDFৰ চৰকাৰ ক’ৰবাত আছে নেকি? সেয়ে BJP-UPPLৰ প্ৰাৰ্থীক ভোট দিয়ক৷ মনত ৰাখিব- UPPL মানে BJP, BJP মানে UPPL৷’

লগতে কয়- ‘হাৰা পাৰ্টীক ভোট দি কি লাভ? বিৰোধীক ভোট দিয়াতকৈ ৩০ অক্টোবৰত পইতা ভাত খাই শুই থাকক৷’

মুখ্যমন্ত্ৰী ড° শৰ্মাই লগতে ৰাইজক উদ্দেশ্যি প্ৰচাৰ সভাত কয়- BJP-UPPLৰ প্ৰাৰ্থীক ভোট দিয়ক, গোসাঁইগাঁৱলৈ উন্নয়নৰ গংগা নামি আহিব৷’

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয়, পূৰ্বতে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ আমি টকা দি ল’ব লাগিছিল। এতিয়া আৰু সেইবোৰ নহ’ব। কোনোবাই এক টকা ল’লেও মাটিৰ দালালক যেনেদৰে জে’লত ভৰাইছো সেইদৰে এইবোৰকো জে’লত ভৰোৱা হ’ব।

লগতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰে যে অতি সোনকালে গোষ্ঠী সংঘৰ্ষত মৃত্যু হোৱা লোকৰ পৰিয়ালক পাঁচ লাখকৈ দিয়া হ’ব আৰু প্ৰতিটো পৰিয়ালক পুনৰ সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

গোসাইগাঁৱত বিজেপিৰ বিশাল নিৰ্বাচনী জনসভাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে কোকৰাঝাৰ অভিভাৱক মন্ত্ৰী অংশোক সিংঘাল, বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ লগতে ভালে সংখ্যক নেতা উপস্থিত থাকে।

Leave a Comment