বিতৰ্কত চেঙাৰ বিধায়ক।
এইবাৰ যুৱতী অপহৰণত নাম সাঙোৰ খাইছে এ আই ইউ ডি এফৰ চেঙা সমষ্টিৰ বিধায়ক আশ্ৰাফুল হুছেইনৰ।
বিধায়ক আৱাসলৈ আনি যুৱতীগৰাকীক নিৰ্যাতন চলোৱাৰো ভয়ংকৰ অভিযোগ বিধায়কগৰাকীৰ বিৰুদ্ধে।
লগতে বিধায়ক আৱাসতেই অপহৃতা যুৱতীগৰাকীক শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলোৱাৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছে।
এই সন্দৰ্ভত ইতিমধ্যেই দিছপুৰ আৰক্ষী থানাত ৰুজু হৈছে গোচৰ।
যোৱা ৬ ফেব্ৰুৱাৰীতেই এই সন্দৰ্ভত দাখিল কৰা হৈছিল এজাহাৰ।
অভিযোগ অনুসৰি, ৰিতুল হুছেইন নামৰ এজন যুৱকে বৰপেটাৰ পৰা অপহৰণ কৰিছিল যুৱতীগৰাকীক।
ইয়াৰ পিছত লৈ অনা হৈছিল আশ্ৰাফুল হুছেইনৰ বিধায়ক আৱাসলৈ।









