প্ৰকাশ পালে ২০২৩ বৰ্ষৰ চূড়ান্ত ভোটাৰ তালিকা৷
ৰাজ্যৰ মুঠ ভোটাৰ ২ কোটি ৪১ লাখ ১১ হাজাৰ ৭৪৩ গৰাকী৷
১ জানুৱাৰী ২০২৩ লৈকে প্ৰকাশ ভোটাৰৰ সমীক্ষা৷
ৰাজ্যত পুৰুষ ভোটাৰ ১ কোটি ২১ লাখ ২৮ হাজাৰ ৫৪৩ গৰাকী।
আনহাতে মহিলা ভোটাৰৰ সংখ্যা ১ কোটি ১৯ লাখ ৮২ হাজাৰ ৮০৪ গৰাকী আৰু তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা ৩৯৬ গৰাকী৷
প্ৰতি ১ হাজাৰ লোকৰ বিপৰীতে ভোটাৰৰ সংখ্যা ৬৩৮ গৰাকী৷
প্ৰতি ১ হাজাৰ পুৰুষ ভোটাৰৰ বিপৰীতে মহিলা ভোটাৰৰ সংখ্যা ৯৮৮ গৰাকী৷
১৮ৰ পৰা ১৯ বছৰ বয়সৰ নতুন ভোটাৰৰ সংখ্যা ৪ লাখ ১ হেজাৰ ৫৭১ গৰাকী৷
ৰাজ্যত ৮০ ঊৰ্ধ্বৰ ভোটাৰৰ সংখ্যা ৩ লাখ ১১ হেজাৰ ৩২ গৰাকী৷
বিশেষভাৱে সক্ষম ভোটাৰ ১ লাখ ৬৯ হেজাৰ ৫৭৩ গৰাকী৷
ৰাজ্যত চাকৰিয়াল ভোটাৰৰ সংখ্যা ৬৫,৭১৬ গৰাকী৷
পুৰুষ চাকৰিয়াল ভোটাৰৰ সংখ্যা ৬৩,৯৭৯ গৰাকী আৰু মহিলা চাকৰিয়াল ভোটাৰৰ সংখ্যা ১,৭৩৭ গৰাকী৷









