আজি দেশজুৰি উদযাপন কৰা হয় ৭৪ সংখ্যক গণৰাজ্য দিৱস।
খানাপাৰাতো কেন্দ্ৰীয়ভাৱে উদযাপন কৰা গণৰাজ্য দিৱসৰ কাৰ্যসূচীত পতাকা উত্তোলন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
গণৰাজ্য দিৱসৰ অনুষ্ঠানত ভাষণৰ আৰম্ভণিতে সংবিধান প্ৰণেতাক সোঁৱৰণ কৰে মুখ্যমন্ত্ৰীয়ে।
দেশৰ সাৰ্বভৌমত্ব ৰক্ষাৰ বাবে প্ৰাণ আহুতি দিয়া প্ৰতিগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনালে হিমন্ত বিশ্ব শৰ্মাই।
নিজৰ ভাষণত মুখ্যমন্ত্ৰীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে।
কাশী, বৃন্দাবনৰ দৰে অসমৰ কামাখ্যাৰ উন্নয়নৰ বাবে ৩শ কোটি টকা ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে।
মিছন বসুন্ধৰাই অসমৰ মানুহক ভূমি প্ৰদানত বিশেষ সহায় কৰিব বুলি ভাষণত উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াই অসমীয়া মানুহক সুৰক্ষিত কৰিব।
এই বছৰৰ এপ্ৰিলৰ পৰা বিধবা মহিলাৰ পেঞ্চন ৩০০ টকাৰ পৰিৱৰ্তে ১২শ টকা দিয়াৰ লক্ষ্যৰ কথাও উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। একেদৰে দিব্যাংগসকলৰ পেঞ্চন ১২৫০ টকালৈ বৃদ্ধি হ’ব বুলি কয় তেওঁ।
১৯৪০ টকা ব্যয়ত ধান ক্ৰয়ৰ লক্ষ্য ৰাজ্য চৰকাৰৰ। এই বছৰত ১০ লাখ মেট্ৰিক টন ধান ক্ৰয়ৰ লক্ষ্য চৰকাৰৰ।
অহা বাজেটত যুৱক–যুৱতীক স্বাৱলম্বী কৰাৰ বাবে ৩ হাজাৰ কোটি টকা ধাৰ্য কৰিব চৰকাৰে।
২০২৩ত যুৱ ক্ৰীড়া মহোৎসৱ অনুষ্ঠিত কৰাৰ লক্ষ্যৰ কথাও ভাষণত উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
২৮ জানুৱাৰীত সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজি শ্বহীদ হোৱা আৰক্ষীৰ পৰিয়ালৰ লোকক চাকৰি প্ৰদান কৰিব চৰকাৰে।
ইফালে, ৫শ খন হাইস্কুলৰ অত্যাধুনিক আন্তঃগাঁথনি নিৰ্মাণৰ লক্ষ্য লৈছে চৰকাৰে।
আলফাৰ সৈতে আলোচনা সম্পন্ন হ’লে অসম শান্তিৰ দ্বীপত পৰিণত হ’ব বুলিও গুৰুত্বপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে।
মুখ্যমন্ত্ৰীয়ে কয়, ‘‘কাৰোবাৰ দেশপ্ৰেমক মই কষ্ট নিদিও। কিন্তু ২৮ বছৰ আগৰ অসম এতিয়া নাই। সময় পৰিৱৰ্তন হৈছে। আলফাৰ সেনাধিনায়কৰ পৰা শেষজন লোকলৈ এই কথা স্পৰ্শ কৰক। মোৰ বিশ্বাস কেইটামান বছৰ, মাহ পিছত হ’লেও শান্তিৰ শেষ মাইল লাভ কৰিবলৈ সক্ষম হ’ম।
এই বছৰৰ ১৪ এপ্ৰিলত বৃহৎ ঢুলীয়া–বিহুৱা লৈ গীণিজ বুক অফ ৰেকৰ্ডছৰ বাবে ব্যৱস্থা কৰিব চৰকাৰে।
ৰাজ্যৰ দৰিদ্ৰতা নিৰ্মূলৰ বাবে ২০২৩ চনত বিশেষ আঁচনি গ্ৰহণৰ কথাও উল্লেখ কৰে হিমন্ত বিশ্ব শৰ্মাই।
ছিপাঝাৰৰ ঢলপুৰৰ সমান্তৰালকৈ কাজিৰঙাৰ বুঢ়াচাপৰিত উচ্ছেদৰ কথা ঘোষণা।









