ভয়ংকৰ অগ্নিকাণ্ড! জুইৰ লেলিহান শিখাই আৱৰি ধৰিছে স্কিপাৰ লিমিটেড উদ্যোগ…

এক ভয়ংকৰ অগ্নিকাণ্ড।

ক’লা ধোঁৱাই চানি ধৰিছে পলাশবাৰীৰ আকাশ।

দক্ষিণ কামৰূপৰ পলাশবাৰীৰ এটা কোম্পানীত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড।

জুইৰ লেলিহান শিখাই আৱৰি ধৰিছে পলাশবাৰীৰ স্কিপাৰ লিমিটেড কোম্পানীৰ ভৱন।

পলাশবাৰীৰ পৌৰসভাৰ সমীপৰ উক্ত উদ্যোগটোত বুধবাৰে ৰাতিপুৱাই সংঘটিত হয় এই অগ্নিকাণ্ড।

অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই যদিও কোম্পানীৰ জাৱৰ-জোঁথৰত জুই দিয়াৰ ফলতে এই অগ্নিকাণ্ডৰ সুত্ৰপাত হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ।

পূৰ্বেও কোম্পানীটোৰ কৰ্মচাৰীয়ে জাৱৰ-জোঁথৰত জুই জ্বলাই দিয়াত স্থানীয় লোক আতংকিত হৈ পলাশবাৰী পৌৰসভাত এখন জাননী দাখিল কৰিছিল।

জাননী দাখিল কৰাৰ পিছতো কোম্পনীটোৰ মালীক পক্ষই নিজা মইমতালিত জাৱৰ-জোঁথৰত জুই জ্বলাই দিয়াৰ ফলতে এই ভয়ংকৰ অগ্নিকাণ্ডটো সংঘটিত হোৱাৰ অভিযোগ।