নিউজ ডেস্ক। ড্ৰাগছৰ বাবে পুনৰ ধ্বংস হ’ল এটা পৰিয়াল।
পিতৃক সংজ্ঞাহীন কৰি ড্ৰাগছ আসক্ত পুত্ৰই লুট কৰিলে চিকিৎসাৰ বাবে বেংকৰ পৰা উলিয়াই অনা ৩.৫ লাখ টকা।
গুৱাহাটী মহানগৰীৰ নুনমাটিৰ নাথপাৰাত সংঘটিত হৈছে এই ঘটনা।
জানিব পৰা মতে, পিতৃক ড্ৰাগছৰ বেজী দি সংজ্ঞাহীন কৰি পুত্ৰই লুটিলে ৩ লাখ ৫੦ হাজাৰ টকা |
ধনখিনি লুট কৰি ঘৰৰ পৰা পলায়ন পুত্ৰ-বোৱাৰীৰ।
দুদিনৰ পাছত পিতৃ বুল দাসে হিতাহিত জ্ঞান ঘূৰাই পাই বাচি ল’লে চৰম পন্থা।
চিকিৎসাৰ বাবে পিতৃয়ে বেংকৰ পৰা উলিয়াই আনিছিল ধনখিনি।
ড্ৰাগছ আসক্ত পুত্ৰ ৰাহুল আলীয়ে সংঘটিত কৰে এই ঘটনা।
পিতৃয়ে ঘৰত ধন জমা ৰখাৰ কথা জানিব পাৰি লিপ্ত হৈছিল ষড়যন্ত্ৰত।
নুনমাটি থানাত পুত্ৰ ৰাহুল আলীৰ বিৰুদ্ধে এজাহাৰ মাতৃৰ৷
পলাতক ৰাহুল আলী মৰিগাঁৱত আত্মগোপন কৰাৰ তথা লাভ আৰক্ষীৰ।









