ক’ল্ড ষ্ট্ৰ’ক! আনন্দ মেলা উপভােগ কৰি অসুস্থ হৈ একেলগে প্ৰাণত্যাগ আঢ়ৈ বছৰীয়া যমজ ভাতৃদ্বয়ৰ

নিউজ ডেস্ক। এক শােকাৱহ ঘটনা।

আনন্দ মেলা উপভােগ কৰিবলৈ গৈ ক’ল্ড ষ্ট্ৰ’কত আক্ৰান্ত হৈ প্ৰাণ গ’ল দুই শিশুৰ।

শিশু দুটি আঢ়ৈ বছৰীয়া যমজ ভাতৃ।

এই ঘটনাৰ স্থান উত্তৰ প্ৰদেশৰ জালাউন জিলাৰ কাদাউৰা।

জানিব পৰা মতে, ঘৰৰ সমীপত অনুষ্ঠিত আনন্দ মেলা চাই ঘৰলৈ উভতি অহাৰ পিছত আঢ়ৈ বছৰীয়া যমজ ভাতৃদ্বয় লৱ-কুশৰ স্বাস্থ্যৰ অৱনতি ঘটে।

image 31
ক’ল্ড ষ্ট্ৰ’ক! আনন্দ মেলা উপভােগ কৰি অসুস্থ হৈ একেলগে প্ৰাণত্যাগ আঢ়ৈ বছৰীয়া যমজ ভাতৃদ্বয়ৰ 4

পৰিয়ালৰ সদস্যসকলে তেওঁক সমীপৱৰ্তী চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসকে দুয়োকে মৃত বুলি ঘোষণা কৰে।

চিকিৎসক ডাঃ বিনোদ কুমাৰে শীতল ষ্ট্ৰোকৰ ফলত তেওঁৰ মৃত্যু হােৱা বুলি প্ৰকাশ কৰে।

পৰিয়ালৰ লােকৰ মতে, আনন্দ মেলাৰ মাজতে ভাতৃদ্বয়ে আইচক্ৰীম খাইছিল।

325183148 1880851072267843 3405841174130626335 n
ক’ল্ড ষ্ট্ৰ’ক! আনন্দ মেলা উপভােগ কৰি অসুস্থ হৈ একেলগে প্ৰাণত্যাগ আঢ়ৈ বছৰীয়া যমজ ভাতৃদ্বয়ৰ 5

প্ৰচণ্ড শীতৰ মাজতে আইচক্ৰীম খােৱাৰ বাবেই তেওঁলােক ক’ল্ড ষ্ট্ৰ’কত আক্ৰান্ত হােৱাৰ ধাৰণা কৰা হৈছে।

শিশুদ্বয়ৰ পিতৃ ৰামবাবু এজন শ্ৰমিক।

325309452 494978189325536 9101915654072006832 n
ক’ল্ড ষ্ট্ৰ’ক! আনন্দ মেলা উপভােগ কৰি অসুস্থ হৈ একেলগে প্ৰাণত্যাগ আঢ়ৈ বছৰীয়া যমজ ভাতৃদ্বয়ৰ 6

গুজৰাটৰ আহমেদাবাদত এটা উদ্যােগত শ্ৰমিক হিচাপে কাম কৰি পৰিয়ালক পােহপাল দিছিল।

মকৰ সংক্ৰান্তি উৎসৱ উদযাপনৰ বাবে পত্নী, দুই শিশুসহ নিজৰ গাঁৱলৈ আহিছিল।

বুধবাৰে সন্ধিয়া পৰিয়ালৰ সৈতে আনন্দ চাবলৈ চহৰলৈ গৈছিল।