নিউজ ডেস্ক। উৎকােচ লৈ নহয়, এইবাৰ সুৰাৰ চােৰাং বেহাত জড়িত হৈ ৰঙাঘৰৰ আলহী হ’ল স্বয়ং আৰক্ষী।
অবৈধ অৰুণাচলী সুৰা সৰবৰাহ কৰি গ্ৰেপ্তাৰ হ’ল কনিষ্টবল অনন্ত বৰা।

জানিব পৰা মতে, জামুগুৰি আৰক্ষীয়ে গােলাঘাটৰ পৰা গ্ৰেপ্তাৰ কৰে কনিষ্টবল অনন্ত বৰাক।
অভিযােগ অনুসৰি, দীৰ্ঘদিন ধৰি সুৰা মাফিয়াৰে মিতিৰালি কৰি অবৈধ অৰুণাচলী সুৰাৰ চােৰাং বেহাৰ সৈতে জড়িত হৈ আছিল কনিষ্টবল অনন্ত বৰা।
সম্প্ৰতি জােৱানজনক গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে জামুগুৰি আৰক্ষীয়ে।









