এক শোকাৱহ ঘটনা।
বিধ্বংসী অগ্নিকাণ্ডত মাতৃসহ ডেৰ বছৰীয়া পুত্ৰৰ কৰুণ মৃত্যু।
তিনিচুকীয়াৰ চাবুৱাৰ পানীতোলাৰ বেতিয়নিত সংঘটিত হৈছে এই শোকাৱহ ঘটনা।
বিধ্বংসী অগ্নিকাণ্ডত অগ্নিদগ্ধ হৈ মৃত্যু হয় মাতৃ-পুত্ৰৰ।
জানিব পৰা মতে শুই থকা অৱস্থাতে ৰাতি হঠাতে ঘৰত জুই লাগে, আৰু সেই জুইতে অগ্নিদগ্ধ হৈ মৃত্যু হ’ল মাতৃ-পুত্ৰৰ।
মৃত মহিলাগৰাকী পুনম গোৱালা আৰু পুত্ৰ ৰমেশ গোৱালা বুলি জানিব পৰা গৈছে।
পিছত তিনিচুকীয়া অগ্নিনিৰ্বাপক বাহিনীয়ে নিৰ্বাপিত কৰে জুই।
জুইৰ সূত্ৰপাতৰ কাৰণ এতিয়া জানিব পৰা নাই।









