চুমন দুৱৰাৰ ‘এ লিটিল ছানচাইন’লৈ শ্ৰেষ্ঠ ভাৰতীয় ছুটি ছবিৰ সন্মান…

দ্বিতীয় উৰুভাট্টি আন্তৰাষ্ট্ৰীয়  ছবি মহোৎসৱত গৌৰৱ কঢ়িয়াই আমনিলে চুমন দুৱৰাই।

আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকি উঠিল চুমন দুৱৰাৰ অসমীয়া চুটি ছবি ‘এ লিটিল ছানচাইন’।

মহোৎসৱখনত ‘এ লিটিল ছানচাইনে’ লাভ কৰিলে শ্ৰেষ্ঠ ভাৰতীয় ছুটি ছবিৰ সন্মান।

ডাঃ হিতেশ বৰুৱাৰ প্ৰযোজনাত নিৰ্মাণ কৰা এই ছুটি ছবিখনত অভিনয় কৰিছে অমৰ জ্যোতি চৌধুৰী, অপৰ্ণা দত্ত চৌধুৰী আৰু দেৱাশীষ বৰঠাকুৰে।

ছবিখনৰ সংলাপ সঞ্জীৱ হাজৰিকাৰ, সংগীত ডাঃ হিতেশ বৰুৱা আৰু ছাউণ্ড ডিজাইন আৰু মিক্সিং কৰিছে দেৱজিৎ গায়নে।

উল্লেখ্য যে ১১ সংখ্যক পুনে ছুটি ছবি মহোৎসৱলৈও নিৰ্বাচিত হৈছিল এ লিটি ছানচাইন।

Leave a Comment