সূদীৰ্ঘ ৩৬ বছৰৰ পিছত ফিফা বিশ্বকাপ ২০২২ খিতাপ দখল কৰি ইতিহাস ৰচিলে আৰ্জেণ্টিনাই।
শক্তিশালী ফ্ৰান্সক পৰাস্ত কৰি বিশ্বজয় কৰিলে মেছী বাহিনীয়ে।
প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ খেলুৱৈৰ বাবে লিয়নেল মেছিয়ে গোল্ডেন বল বঁটা লাভ কৰাৰ বিপৰীতে ফ্ৰান্সৰ শীৰ্ষ গ’লদাতা কাইলিয়ান এমবাপে লাভ কৰে গোল্ডেন বুট।
বিশ্বজুৰি মেছীক লৈ চৰ্চা অব্যাহত থকাৰ সময়তে অসমৰ এগৰাকী সাংসদৰ এটা টুইটে লগাইছে খলকনি।
লিয়নেল মেছিয়ে অসমত জন্মগ্ৰহণ কৰিছে বুলি সাংসদ আব্দুল খালেকে কৰা এটা টুইটে সৃষ্টি কৰিছে খলকনিৰ।
বৰপেটাৰ সাংসদ আব্দুল খালেকে মেছীক শুভেচ্ছা বাৰ্তা জনাবলৈ গৈ লিখিছিল যে, মেছিলৈ হৃদয়ৰ পৰা অভিনন্দন জনাইছো। অসমৰ সৈতে থকা আপোনাৰ সম্পৰ্কৰ বাবে আমি গৌৰবান্বিত।
লগতে সাংসদগৰাকীয়ে মেছিয়ে অসমত জন্মগ্ৰহণ কৰা বুলি স্পষ্টকৈ উল্লেখ কৰিছে।

অৱশ্যে পৰৱৰ্তী সময়ত সাংসদগৰাকীয়ে উক্ত টুইটটো দিলিট কৰি আন এটা বিশেষ টুইট কৰে।
য’ত তেওঁ- উৰাবাতৰি প্ৰচাৰ কৰাৰ আগতে, তেওঁৰ টুইটাৰ হেণ্ডেল আৰু অফিচিয়েল ফেচবুক পৃষ্ঠাৰ সময়ৰেখা পৰীক্ষা কৰিবলৈ অনুৰোধ জনাইছে।









