বৰপেটা জিলা কাৰাগাৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা।
জিলা কাৰাগাৰত আত্মহত্যা কৰিলে এগৰাকী কয়দীয়ে।
মৃত কয়দীজনৰ নাম হাচিবুল হাচান।
কাৰাগাৰৰ ভেণ্টিলেচনত চীপ লৈ আত্মহত্যা হাচিবুল হাচানৰ।
জানিব পৰা মতে, এগৰাকী কিশোৰীক পলুৱাই নিয়াৰ অভিযোগত গ্রেপ্তাৰ হৈছিল হাচান।
প্রেমৰ বাবেই যুৱকজনে আত্মহত্যা কৰাৰ সন্দেহ কাৰাগাৰ কৰ্তৃপক্ষৰ।
অৱশ্যে হাচিবুল হাচানক হত্যা কৰা বুলি অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে।









