পুনৰ ঘোচ কাণ্ড! উৎকোচ লৈ হাতে লোটে গ্ৰেপ্তাৰ কনিষ্ঠ গাণনিক সহায়ক জগত চন্দ্ৰ নাথ…

পুনৰ ঘোচ লৈ হাতে লোটে গ্ৰেপ্তাৰ হ’ল চৰকাৰী বিষয়া।

এইবাৰ উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল লখিমপুৰৰ এগৰাকী কনিষ্ঠ গাণনিক সহায়ক।

লখিমপুৰৰ বিহপুৰীয়াত ঘোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ কনিষ্ঠ গাণনিক সহায়ক জগত চন্দ্ৰ নাথ।

NPS বিলৰ নামত উৎকোচ লওঁতেই হাতে লোটে দুৰ্নীতি নিবাৰকৰ জালত পৰে জগত চন্দ্ৰ নাথ।

টুইটাৰযোগে এই কথা সদৰি কৰিছে বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে।