ৰাজকন্যা কাণ্ডঃ দুভৰি হেৰুওৱা যোছেফ মাৰাকৰ কৃত্ৰিম ভৰি লগোৱাৰ দায়িত্ব ল’লে ৰাজ্য চৰকাৰে…

বিতৰ্কিত মডেল ৰাজকন্যা বৰুৱাই গুৱাহাটীৰ ৰুক্মিণীগাঁৱত সংঘটিত কৰা দুৰ্ঘটনাৰ বাবে দুয়োখন ভৰি চিৰদিনলৈ হেৰুৱাবলগীয়া হৈছিল যোছেফ মাৰাকলৈ চৰকাৰৰ সহানুভূতি।

যোছেফৰ কৃত্ৰিম ভৰি সংযোজনৰ দায়িত্ব লৈছে ৰাজ্য চৰকাৰে।

বৰ্তমান জি এম চি এইচত চিকিৎসাধীন হৈ আছে শ্ৰমিক যোছেফ মাৰাক।

চিকিৎসাধীন শ্ৰমিকজনক সহায় কৰাৰ বাবে ৰেইনড্ৰপ ইনিছিয়েটিভ নামৰ এটা সংস্থাই বিশেষ উদ্যোগ লৈছিল।

ৰেইনড্ৰপৰ তৰফৰ পৰা জানিবলৈ দিয়া মতে ৰাজ্য চৰকাৰে এই উদ্যোগ গ্ৰহণ কৰাত তেওঁলোক অতিকৈ সন্তুষ্ট।

মাৰাকৰ বাবে যিসকল লোকে সাহায্য আগবঢ়াইছিল, সেয়া তেওঁলোকে মাৰাকৰ বৰপুত্ৰৰ হাতত দিয়াৰ সিদ্ধান্ত লৈছে।

কোনো লোকে মাৰাকৰ কৃত্ৰিম ভৰি সংযোজনৰ বাবে এতিয়া সহায়ৰ হাত আগ নবঢ়ালেও হ’ব বুলি উল্লেখ কৰিছে ৰেইন ড্ৰপে।

অৱশ্যে তেওঁলোকে মাৰাকৰ পুনৰ সংস্থাপনৰ বাবে সকলো কৰাৰ আশ্বাস প্ৰদান কৰিছে।

চিকিৎসালয়ত থকা আহত মাৰকক সকলোখিনি সহায় আগবঢ়ায় আহিছে ৰেইনড্ৰপে।

উল্লেখ্য যে, ১ অক্টোবৰৰ নিশা সুৰাৰ নিচাত মাতাল হৈ বিতৰ্কিত মডেল ৰাজকন্যা বৰুৱাই নিজৰ বাহনেৰে মহতীয়াই নিছিল আঠজনকৈ শ্ৰমিকক।

Leave a Comment