নিউজ ডেস্ক। ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাই মূল্যবৃদ্ধি প্ৰসংগত কৰা মন্তব্যই সামাজিক মাধ্যমত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কলিতাই কৈছিল যে প্ৰয়োজন হ’লে বাইকত তিনিজন উঠিব লাগিব।
এই মন্তব্যৰ পাছতে সামাজিক মাধ্যমত সৰৱ হৈ পৰিছে বিভিন্নজন।
ইপিনে, এই বিষয়ে ৰঙিয়াত স্পষ্টীকৰণ দাঙি ধৰে ভবেশ কলিতাই।
ৰঙিয়াৰ শিৱ মন্দিৰ প্ৰাংগণত বাৰোৱাৰী দুৰ্গা পূজা মণ্ডপত ধৰ্মধ্বজা উত্তোলন কৰাৰ অন্তত স্থানীয় সাংবাদিকেৰে মত বিনিময় কৰি কলিতাই কয় যে তেওঁৰ মন্তব্যৰ ভুল ব্যাখ্যা কৰা হৈছিল।
তেওঁ কয় যে দৰাচলতে পেট্ৰ’ল-ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধীৰ পৰিপ্ৰেক্ষিতত যি পৰিস্থিতিৰ সৃষ্টি হৈছে, হয়তো এদিন তিনিজন আৰোহী উঠিব পৰা বাইকৰ প্ৰয়োজন হ’ব বুলিহে তেওঁ মন্তব্য কৰিছিল।
তেওঁ কয় যে এখন বাইকত তিনিজন লোকক উঠিবলৈ পৰামৰ্শ দিয়া নাছিল।









