ভয়ংকৰ পথ দুৰ্ঘটনা! তীব্ৰবেগী বাইকৰ খুন্দাত কৰুণ মৃত্যুক সাৱটিলে চাইকেল আৰোহী নুৰে…

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

তীব্ৰবেগী বাইকৰ খুন্দাত কৰুণ মৃত্যুক সাৱটিলে এগৰাকী চাইকেল আৰোহী যুৱকে।

শিলপুখুৰীত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো।

দুৰ্ঘটনাত নিহত যুৱকজন নুৰ আমিন বুলি জানিব পৰা গৈছে।

বটদ্ৰাবা সমষ্টিৰ অন্তৰ্গত শিলপুখুৰীত যোৱা বৃহস্পতিবাৰে বাইক আৰু চাইকেলৰ মাজত হোৱা সংঘৰ্ষৰ ফলতেই এই শোকাৱহ ঘটনাটো সংঘটিত হৈছে।

জানিব পৰা মতে, AS02A J7752 নম্বৰ তীব্ৰবেগী বাইকখনৰ খুন্দাত নিহত হয় চাইকেল আৰোহী নুৰ আমিন।

প্ৰথমে দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় চাইকেল আৰোহী নুৰ আমিন নামৰ যুৱকজন।

নুৰ আমিনৰ সংকটজনক অৱস্থাত পৰিয়ালৰ লোকে ততাতৈয়াকৈ গুৱাহাটী মেট্ৰ’ হস্পিতালত ভৰ্তি কৰায় যদিও শনিবাৰে চিকিৎসাধীন অৱস্থাতে মৃত্যুক আকোৱালি লয় বুলি জানিব পৰা গৈছে।