অসম

‘ভবেশ দা ধন্যবাদ, ৩জন উঠিছো তেল বচাইছো!’ গুৱাহাটীত অভিনৱ প্ৰতিবাদ…

ইন্ধনৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গুৱাহাটী মহানগৰীত অভিনৱ প্ৰতিবাদ।

অসম বিজেপিৰ সভাপতি ভবেশ কলিতাই অত্যাধিক ইন্ধনৰ মূল্য বৃদ্ধিৰ পৰা হাত সাৰিবলৈ ৰাইজক দিয়া বিশেষ ‘পৰামৰ্শ’-কে সাৰোগত কৰি সাব্যস্ত কৰে এক প্ৰতীকী প্ৰতিবাদ সাব্যস্ত কৰে NSUI একাংশ সদস্যই।

প্ৰতিবাদত ভাগ লোৱা যুৱক-যুৱতীসকলক এখন বাইক তথা স্কুটীত ৩জন উঠি যোৱা দেখা গ’ল।

সমদলৰ সময়ত হাতত পোষ্টাৰ লৈ বাইক আৰোহীসকলে বিজেপি সভাপতিগৰাকীক ‘ভবেশ কলিতাক ধন্যবাদ’ দিয়ে।

পোষ্টাৰত লিখিছে- ‘ভবেশ দা ধন্যবাদ, ৩জন উঠিছো তেল বচাইছো।’

image 4

আনহাতে বিভিন্নজনে কলিতাই দিয়া মন্তব্যক গৰিহণা দি কয়- শাসকীয় দলৰ মানৱ জীৱনৰ প্ৰতি কোনো সন্মান নাই। সেয়েহে তেওঁলোকে এনে পৰামৰ্শ দিব পাৰে।

উল্লেখ্য যে দেওবাৰে ৰাজ্যিক বিজেপিৰ সভাপতিজনে মন্তব্য কৰিছিল যে পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধিৰ পৰা ৰক্ষা পাবলৈ মানুহে বাইকত ৩ জনে যাত্ৰা কৰিব লাগে লগতে চাইকেল চলাবলৈ কামলৈ যাবলৈ পৰামৰ্শ দিছিল।

এই মন্তব্যৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়াৰ।

লগতে চাওকঃ

কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী ৰামেশ্বৰ তেলীক ক্ষুৰধাৰ সমালােচনা কংগ্ৰেছ নেতা কপিল চিবালৰ

Leave a Reply

Your email address will not be published. Required fields are marked *