সমাগত উপ নিৰ্বাচন।
৫ বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে ৩৯ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা।
৫টা সমষ্টিত অনুষ্ঠিত হ’ব লগা এই উপ নিৰ্বাচনৰ বাবে অহা ১৬ অক্টোবৰলৈকে কোনো প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰা সময় আছে।
৩০ অক্টোবৰত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ।
মনোনয়ন পত্ৰ বৈধ ঘোষণা হোৱা এই ৫ টা সমষ্টিৰ প্ৰাৰ্থীসকলৰ ভিতৰত বিজেপিৰ ৩জন প্ৰাৰ্থীৰ ৩টা সমষ্টিত মনোনয়ন বৈধ বিবেচিত হৈছে।
৫টা সমষ্টিতে কংগ্ৰেছে প্ৰতিদ্বন্দ্বিতা কৰিব আৰু দলটোৰ আটাইকেইজন প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা হৈছে।
চিপিআই-য়ে এজন, এআইইউডিএফৰ দুজন, ইউপিপিএলৰ দুজন, বিপিএফৰ এজন, ভোটাৰ্ছ পাৰ্টী ইণ্টাৰনেশ্যনলৰ তিনিজন, নেশ্যনেল ৰুট মেপ পাৰ্টীৰ এজন, অসম সংগ্ৰামী মঞ্চৰ এজন, গণ সুৰক্ষা পাৰ্টীৰ দুজন আৰু নিৰ্দলীয় ১৮জন প্ৰাৰ্থীয়ে এই ৫টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব।









