ভাল খবৰ! ৰাষ্ট্ৰভাষা প্ৰচাৰ সমিতিৰ দ্বাৰা পৰিচালিত প্ৰবীণ পৰীক্ষাত প্ৰথম স্থান দখল দৰঙৰ জ্যোতিস্মিতাৰ

এক ভাল খবৰ।

পুনৰ দৰঙলৈ গৌৰৱ কঢ়িয়াই আনিছে মঙলদৈৰ জ্যোতিস্মিতাই।

অসম ৰাষ্ট্ৰভাষা প্ৰচাৰ সমিতিৰ দ্বাৰা পৰিচালিত প্ৰবীণ পৰীক্ষাত মঙলদৈৰ জ্যোতিস্মিতা তালুকদাৰ প্ৰথম স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে।

মঙলদৈ ভেবাৰঘাট নিবাসী তিলক তালুকদাৰ আৰু চন্দামিকা তালুকদাৰৰ সুযোগ্যা কন্যা জ্যোতিস্মিতা তালুকদাৰে এই বৰ্ষত উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষত বিজ্ঞান শাখাত শিক্ষা গ্ৰহণ কৰি আছে।

উল্লেখ্য যে, পূৰ্বেও জ্যোতিস্মিতাই ২০১৮ বৰ্ষত প্ৰৱেশিকা পৰীক্ষা আৰু ২০১৯ বৰ্ষত প্ৰবোধ পৰীক্ষাত অসমৰ ভিতৰত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছিল।

সদ্য ঘোষিত ২০২২ বৰ্ষৰ অসম ৰাষ্ট্ৰভাষা প্ৰচাৰ সমিতিৰ দ্বাৰা পৰিচালিত প্ৰবীণ পৰীক্ষাত অসমৰ ২১০৫ গৰাকী শিক্ষাৰ্থীৰ ভিতৰত জ্যোতিস্মিতাই প্ৰথম স্থান অধিকাৰ কৰে।