সভ্য সমাজত ৰেগিঙৰ স্থান নাই, সহ্য কৰা নহ’বঃ DGP ভাস্কৰজ্যোতি মহন্ত…

ৰেগিঙক লৈ কঠোৰ হ’ব অসম আৰক্ষী।

মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে কঠোৰ স্থিতি গ্ৰহণ কৰিব অসম আৰক্ষীয়ে।

এই সন্দৰ্ভত DGP ভাস্কৰজ্যোতি মহন্তই কয়- ‘কেৱল জগৰীয়া কৰিয়েই এৰি দিয়া নহ’ব। প্ৰয়োজনত গ্ৰেপ্তাৰ কৰা হ’ব বিষয়াকো।

সভ্য সমাজত ৰেগিঙৰ স্থান নাই। ৰেগিঙক কোনো কাৰণতে সহ্য কৰা নহ’ব বুলি মন্তব্য কৰে ভাস্কৰজ্যোতি মহন্তই।

তেওঁ কয়- ডেকা ল’ৰাবোৰে পঢ়া শুনা কৰিবলৈ নতুন মানসিকতা এটা লৈ আহে, তেওঁলোকক ৰেগিঙৰ নামত অত্যাচাৰ কৰা হ’ব বেইমানী কৰা হ’ব, সেইবোৰ কেতিয়াও সহ্য কৰা নহ’ব।

উল্লেখ্য যে, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডই জোকাৰিছে সমগ্ৰ ৰাজ্য। ইয়াৰ পিছতে কঠোৰ হৈছে চৰকাৰ প্ৰশাসন।