কাজিৰঙাৰ অগৰাতলীত ম’হৰ স’তে যুঁজি ঢেঁকীয়াপতীয়া বাঘৰ মৃত্যু…

ম’হৰ স’তে যুঁজি ঢেঁকীয়াপতীয়া বাঘৰ মৃত্যু।

কাজিৰঙাৰ ম’হৰ সৈতে যুঁজ লাগি মৃত্যু হৈছে এটা ঢেঁকীয়াপতীয়াৰ।

ঘটনাটো সংঘটিত হৈছে কাজিৰঙা উদ্যানৰ অগৰাতলী বনাঞ্চলত।

কাজিৰঙা বন বিভাগৰ সূত্ৰই জনোৱা মতে অগৰাতলী বনাঞ্চলৰ চুবা বন শিবিৰ এলেকাত মৃত্যু হৈছে বনৰজাটোৰ।

প্রাথমিক অনুসন্ধানত ম’হৰ স’তে যুঁজ লাগিয়েই প্রাপ্তবয়স্ক মতা বাঘটোৰ মৃত্যু হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে বন বিভাগে।

ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে বন বিভাগৰ লোক।

মৰণোত্তৰ পৰীক্ষাৰ অন্তত বাঘটোৰ সৎকাৰ কৰা হ’ব।