আৰক্ষীৰ বৃহৎ সফলতা! ট্ৰাকৰ তেলৰ টেংকীৰ ভিতৰৰ পৰা জব্দ ১০ কোটি টকাৰ আফিং…

ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত আছে আৰক্ষীৰ অভিযান।

তথাপিও যেন আৰক্ষীৰ চকুত ধূলী দি নিত্য নতুন কৌশল অৱলম্বন কৰি ড্ৰাগছ মাফিয়াই নিচাজাতীয় দ্ৰব্য ৰাজ্যৰ মাজেৰে সৰবৰাহ অব্যাহত ৰাখিছে।

দেওবাৰে পুৱা গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীয়ে প্ৰায় দহ কোটি টকাৰ আফিং জব্দ কৰিবলৈ সক্ষম হয়।

এক গোপন সূত্ৰৰ পম দেখি গোসাঁইগাঁও মহকুমা আৰক্ষী বিষয়া সৌৰভ গুপ্তাৰ নিৰ্দেশত শিমুলটাপু আৰক্ষী চকীৰ আৰক্ষীয়ে আজি পুৱা ৬ মান বজাত হাৰাপুটাৰ সমীপত নিউটাউনত ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা PB 10 FV 0167 নম্বৰৰ এখন ট্ৰাক পৰিত্যক্ত অৱস্থাত উদ্ধাৰ কৰে।

পৰৱৰ্তী সময়ত শিমুলটাপু আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া পল লালহেমছেঙৰ নেতৃত্বত যোৱা এটি আৰক্ষীৰ দলে গাড়ীখনক শিমুলটাপু আৰক্ষী চকীলৈ লৈ আনে।

পাছত আৰক্ষীয়ে অনুসন্ধান চলাই ট্ৰাকখনৰ তেল টেংকাৰৰ পৰা নিষিদ্ধঘোষিত আফিঙৰ ২০টা পেকেট উদ্ধাৰ কৰে।

ইপিনে আৰক্ষীৰ উপস্থিতিৰ উমান পাই পলাই সাৰে ট্ৰাক খনৰ চালক গৰাকী।

জব্দ হোৱা ১৯ কেজি পাঁচশ গ্ৰাম নিষিদ্ধ ড্ৰাগছৰ বজাৰ মূল্য প্ৰায় দহ কোটি টকা হ’ব বুলি আৰক্ষীয়ে অনুমান কৰিছে।

Leave a Comment