কইনাধৰাত ৰাজ্য চৰকাৰৰ বিশেষ পৰ্যালোচনা বৈঠক…

কইনাধৰাত ৰাজ্য চৰকাৰৰ বিশেষ পৰ্যালোচনা বৈঠক।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অনুষ্ঠিত হ’ব এই বৈঠক।

এই বৈঠকত মিত্ৰদলৰো সকলো বিধায়ক আৰু সাংসদ উপস্থিত থাকিব।

উক্ত বৈঠকত ৰাজ্য চৰকাৰৰ প্ৰায় ৩০ টা চৰকাৰী বিভাগৰ কাম কাজৰ খতিয়ান লব মুখ্যমন্ত্ৰী শৰ্মাই।

ইতিমধ্যে মিত্ৰদলৰ আটাইকেইজন বিধায়ক আৰু সাংসদ উপস্থিত হৈছে এই বৈঠকত। 

সমান্তৰালভাবে উপস্থিত থাকিব চৰকাৰী বিভাগৰ উচ্চ পদস্ত বিষয়া সকলো।

এই মুহূৰ্তলৈকে প্ৰতিটো সমষ্টিত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ কি কি আঁচনি ৰূপায়ন কৰা হৈছে বা আগন্তুক ৫ বছৰত আৰু কি কি আঁচনি ৰূপায়ন কৰিব পৰা যাব তাক লৈ হব পৰ্যালোচনা।

Leave a Comment