মেঘালয়ত ইণ্টাৰনেট সেৱা বন্ধৰ সময়সীমা বৃদ্ধি…

মেঘালয়ত পুনৰ বৃদ্ধি কৰা হৈছে ইণ্টাৰনেট সেৱা বন্ধৰ সময়সীমা।

৪৮ ঘণ্টাৰ বাবে বৃদ্ধি কৰা হৈছে ইণ্টাৰনেট সেৱা বন্ধৰ সময়।

মেঘালয়ৰ ৭ জিলাত বন্ধ থাকিব ইণ্টাৰনেট।

জিলা কেইখন হৈছে- ৰিভয়, ৱেষ্ট জয়ন্তীয়া হিলছ, ইষ্ট জয়ন্তীয়া হিলছত বন্ধ থাকিব ইণ্টাৰনেট।

লগতে ৱেষ্ট খাচী হিলছ, ছাউথ ৱেষ্ট খাচী হিলছ, ইষ্টাৰ্ণ ৱেষ্ট খাচী হিলছ আৰু ইষ্ট খাচী হিলছত বন্ধ থাকিব ইণ্টাৰনেট।

image 157
মেঘালয়ত ইণ্টাৰনেট সেৱা বন্ধৰ সময়সীমা বৃদ্ধি... 2

উল্লেখ্য যে, বৃহস্পতিবাৰে শ্বিলঙত শান্তি সমদলত সংঘটিত হোৱা হিংসাত্মক পৰিস্থিতিৰ বাবে এই সিদ্ধান্ত গ্ৰহণ মেঘালয় চৰকাৰৰ।

স্মৰ্তব্য যে, ২২ নৱেম্বৰৰ পুৱতি নিশা পশ্চিম কাৰ্বি আংলং-মেঘালয় সীমান্তৰ জিৰিকিডিঙৰ মুক্ৰ’ত সংঘটিত গুলীচালনাৰ ঘটনাত পাঁচজন খাচী লোকৰ মৃত্যুক লৈ ক্ৰমান্বয়ে উত্তপ্ত হ’বলৈ ধৰিছে মেঘালয়ৰ পৰিৱেশ।

অসম-মেঘালয় সীমান্তত সংঘটিত গুলীচালনাত পাঁচজন খাচী লোকৰ মৃত্যু হোৱাৰ ঘটনাক লৈ মেঘালয়ৰ ৰাজধানী শ্বিলঙত শ-শ লোকে প্ৰতিবাদ সাব্যস্ত কৰি থকাৰ সময়তে সংঘটিত হয় এক বিক্ষিপ্ত ঘটনা।

ৰাজধানীখনত কেইবাটাও সংগঠনে গুলীচালনৰ ঘটনাক লৈ সামূহিকভাৱে মমবাতি জ্বলাই প্ৰতিবাদ কৰি থকাৰ সময়তে প্ৰতিবাদকাৰীয়ে ৰাজহুৱা সম্পত্তি ধ্বংস কৰাক লৈ এক বিশৃংখল পৰিৱেশৰ সৃষ্টি হয়।

শ্বিলঙৰ বাৰীক পইণ্টত ক্ষুব্ধ প্ৰতিবাদকাৰীয়ে পৰিস্থিতি নিয়ন্ত্ৰণত নিয়োজিত আৰক্ষী বাহিনীক শিলগুটি আৰু পেট্ৰ’ল বোমা নিক্ষেপ কৰে। নিৰাপত্তা বাহিনীয়ে হিংসাত্মক পৰিস্থিতি আৰু যাতে অধিক বৃদ্ধি নাপাই তাৰ বাবে কন্দুৱা গেছৰ লগতে শূণ্যলৈ গুলীচালনা কৰিবলৈও বাধ্য হয়।