অসমৰ লগতে আজি দেশজুৰি উদযাপন কৰা হৈছে মহাবীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তী।
লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তী উপলক্ষে ৰাজ্যৰ ভিন্ন প্ৰান্তত আয়োজন কৰা হৈছে বিভিন্ন কাৰ্যসূচীৰ।
মহা পৰাক্ৰমী মোগলক ৭ বাৰকৈ পৰাস্ত কৰা আহোম সাম্ৰাজ্যৰ শৌৰ্যৰ প্ৰতীক সেনাপতি লাচিত বৰফুকনৰ জন্ম জয়ন্তী উপলক্ষে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কৰিছে বিশেষ টুইট।
অসমীয়াতে টুইট কৰি লাচিত বৰফুকনক শ্ৰদ্ধাৰে সোঁৱৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।
চাৰিশ বছৰীয়া জন্ম জয়ন্তীত দেশপ্ৰেম, স্বাভিমান আৰু শৌৰ্য-বীৰ্যৰ প্ৰতীক মহাবীৰ লাচিত বৰফুকনক স্মৰণ কৰিছোঁ। তেওঁৰ স্বদেশপ্ৰেম আৰু কৰ্তব্যনিষ্ঠা সকলো অসমীয়াৰ বাবে, বিশেষকৈ যুৱ প্ৰজন্মৰ বাবে প্ৰেৰণাৰ উৎস।
— Arvind Kejriwal (@ArvindKejriwal) November 24, 2022
টুইটত তেওঁ লিখিছে- চাৰিশ বছৰীয়া জন্ম জয়ন্তীত দেশপ্ৰেম, স্বাভিমান আৰু শৌৰ্য-বীৰ্যৰ প্ৰতীক মহাবীৰ লাচিত বৰফুকনক স্মৰণ কৰিছোঁ। তেওঁৰ স্বদেশপ্ৰেম আৰু কৰ্তব্যনিষ্ঠা সকলো অসমীয়াৰ বাবে, বিশেষকৈ যুৱ প্ৰজন্মৰ বাবে প্ৰেৰণাৰ উৎস।









