ৰাজ্যত বলিছে এতিয়া উপ নিৰ্বাচনৰ গৰম বতাহ।
উপ নিৰ্বাচনৰ বাবে সাজু হৈছে শাসক বিৰোধি প্ৰতিটো ৰাজনৈতিক দল।
ৰাজ্যৰ ৫টা সমষ্টিত অহা ৩০ অক্টোবৰত অনুষ্ঠিত হ’ব অসম বিধানসভাৰ উপ নিৰ্বাচন।
‘উপ-নিৰ্বাচনৰ পাঁচোটা সমষ্টিতে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী বিপুল ভোটত জয়ী হ’ব।’
এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
তেওঁ সংবাদ মাধ্যমৰ আগত কয়, ‘থাওৰা, মৰিয়নি আৰু তামুলপুৰত আমাৰ প্ৰাৰ্থী অনায়াসে জয়ী হ’ব। ভৱানীপুৰ আৰু গোসাইগাঁৱত প্ৰতিদ্বন্দ্বিতা হ’ব যদিও শেষত আমাৰ প্ৰাৰ্থীয়ে জয়ী হ’ব’।
উল্লেখ্য যে কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগদান কৰা সুশান্ত বৰগোহাঁইয়ে থাওৰাত, ৰূপজ্যোতি কুৰ্মীয়ে মৰিয়নীত আৰু এ আই ইউ ডি এফ ত্যাগ কৰা ফণী তালুকদাৰে বিজেপিৰ হৈ ভৱানীপুৰত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।
আনহাতে তামুলপুৰ আৰু গোসাইগাঁও সমষ্টি দুটাত বিজেপি মিত্ৰজোঁটৰ অংশীদাৰী দল ইউ পি পি এলৰ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব।









