দুলীয়াজানত ৰহস্যজনক বিস্ফােৰণৰ ঘটনা, যুৱক নিহত

নিউজ ডেস্ক। ডিব্ৰুগড় জিলাৰ উদ্যােগ নগৰী দুলীয়াজানত ৰহস্যজনক বিস্ফােৰণৰ ঘটনা।

এজন লােকৰ ঘৰৰ চৌহদত থকা গুদাম ঘৰত সংঘটিত হয় এই বিস্ফােৰণৰ ঘটনা।

এই বিস্ফােৰণৰ ঘটনাত ৰিতুৰাজ মেচ নামৰ এজন যুৱকৰ মৃত্যু হােৱা বুলি জানিব পৰা গৈছে।

G1 2
দুলীয়াজানত ৰহস্যজনক বিস্ফােৰণৰ ঘটনা, যুৱক নিহত 2

এই বিস্ফােৰণ ইমানেই শক্তিশালী আছিল যে গুদামঘৰৰ বিস্তৰ ক্ষতিসাধন হােৱাৰ লগতে কাষৰীয়া অঞ্চলাে বিস্ফােৰণৰ শব্দত কঁপি উঠে।

আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে যদিও এই পৰ্যন্ত নিশ্চিত তথ্য প্ৰদান কৰা নাই।