‘মানিকে মাগে হিঠে’ গানত বিহু নৃত্যক সংযোগ! ছ’চিয়েল মিডিয়াত ক্ষোভ একংশৰ…

ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ’ক লৈ এতিয়া সৰ্বত্ৰ চৰ্চা।

ভিডিঅ’টি যোৰহাটৰ বিগ‌ বজাৰৰ বুলি একাংশই দাবী কৰিছে।

সমান্তৰালভাৱে Video টোত বিহু নৃত্য়ক বিকৃতভাৱে উপস্থাপন কৰা বুলিও একাংশ লোকে ফেচবুকত সমালোচনা কৰিছে।

প্ৰতিগৰাকী স্বাভিমানী অসমীয়াৰ আৱেগক আঘাত কৰা যোৰহাটৰ বহিৰাগত প্ৰতিষ্ঠানটোৰ এই কাণ্ডক লৈ সৰৱ হৈ পৰিছে সংস্কৃতিপ্ৰেমী লোকসকল।

‘মানিকে মাংগে হিটে’ গীতটিত স‍ংযোগ কৰা হৈছে বিহু নৃত্য।

ভাইৰেল ভিডিঅ’টোত বিহুৰ সাজ পিন্ধি ‘মানিকে মাগে হিঠে’ গানটোত নৃত্য কৰা পৰিলক্ষিত হৈছে এই ভিডিঅ’টোত।

যোৰহাট বিগ বাজাৰৰ এই কাণ্ডই জোকাৰি গৈছে অসমীয়া সংস্কৃতিপ্ৰেমীসকলক।

ইতিমধ্যে ইয়াক লৈ প্ৰতিষ্ঠানটোৰ কৰ্তৃপক্ষই ভুল স্বীকাৰ কৰিছে বুলি জানিব পৰা গৈছে।

Leave a Comment