এক ৰহস্যজনক ঘটনা।
বাক্সাত এগৰাকী বোৱাৰী সন্ধানহীন হোৱা ঘটনাক লৈ চাঞ্চল্য।
বাক্সাৰ চমুপৱাগাতিত বিগত ৫দিন ধৰি সন্ধানহীন এগৰাকী বোৱাৰী।
সন্ধানহীন বোৱাৰীগৰাকী স্থানীয় বাসিন্দা বিজিত দাসৰ পত্নী অঞ্জলি দাস বুলি জানিব পৰা গৈছে।
জানিব পৰামতে, ৬বছৰ পূৰ্বে শালবাৰী শান্তিবজাৰৰ ৰাজোন্দ্ৰ বসুমতাৰী আৰু দয়ালী বসুমতাৰীৰ কন্যা অঞ্জলি বসুমতাৰীয়ে বিবাহপাশত আবদ্ধ হৈছিল চমুৱাগাতীৰ ডিম্বেশ্বৰ দাসৰ পুত্ৰ বিজিত দাসৰ লগত।
যোৱা ১৭ অক্টোবৰৰ দিনা ৰাতিপুৱা প্ৰায় ৫.৩০ মান বজাত শান্তিবজাৰস্থিত পিতৃ গৃহলৈ বুলি ওলাই যোৱাৰ পৰাই সন্ধানহীন হয় অঞ্জলি দাস নামৰ মহিলাগৰাকী।
ইতিমধ্যে ঘটনা সন্দৰ্ভত আনন্দবজাৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে যদিও কোনো শুংসূত্ৰ উলিয়াব নাই বোৱাৰীগৰাকীৰ।
পৰিয়ালৰ লোকে সংবাদ মাধ্যমৰ আগত বোৱাৰীগৰাকী কোনো দুষ্ট চক্ৰৰ কৱলত পৰাৰ সন্দেহ প্ৰকাশ কৰিছে।









