ৰাজ্যত প্ৰায় প্ৰতিদিনে ঘোচ লৈ গ্ৰেপ্তাৰ হৈছে ইজনৰ পিছত সিজন চৰকাৰী বিষয়া-কৰ্মচাৰী।
কিন্তু তথাপিও যেন ঘোচ লবলৈ কোনো ভয়েই নাই একাংশ চৰকাৰী বিষয়াৰ।
শেহতীয়াভাৱে ঘোচ লৈ শাস্তিৰ সন্মুখীন হ’বলগীয়া হ’ল নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ শিয়ালমাৰী চৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আব্দুল বাৰেক।
বাল্য বিবাহ বন্ধ কৰাৰ সলনি বাল্য বিবাহৰ নামত ঘোচ লৈ শাস্তিৰ সন্মুখীন হ’ব অ’চি ছাৰ।
শিয়ালমাৰী চৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আব্দুল বাৰেকে দালালৰ সহযোগত বাল্য বিৱাহৰ নামত ঘোচ লৈ থকা ভিডিঅ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাত আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে শাস্তিমুলক ব্যৱস্থা গ্ৰহণ কৰিছে নলবাৰীৰ আৰক্ষী অধীক্ষক পবিন্দ্ৰ কুমাৰ নাথে ৷
জানিব পৰা মেত, কিছুদিন পূৰ্বে শিয়ালমাৰী আৰক্ষী থানাৰ অন্তৰ্গত বৰবালা চৰত অনুষ্ঠিত হোৱা এখন বাল্য বিৱাহৰ খবৰ লাভ কৰি বিৱাহ চলি থকাৰ সময়তে উপ-পৰিদৰ্শক আব্দুল বাৰেকে আৰক্ষী থানাৰ দুই দালাল ক্ৰমে মিৰ হুছেইন আৰু কিতাপ আলীৰ সহযোগত আন আৰক্ষী জোৱানৰ সৈতে বিৱাহস্থলীত উপস্থিত হয় ৷
ইয়াৰ পিছতে আৰক্ষী বিষয়া আব্দুল বাৰেকে বিৱাহ বন্ধ কৰিবলৈ নিৰ্দেশ দি দৰা, কইনাসহ দুয়োপক্ষৰ আত্নীয়ক থানালৈ লৈ আহে।
অভিযোগ অনুসৰি পুৱা আৰক্ষী থানাৰ দালাল হিচাপেই পৰিচিত মিৰ হুছেইন আৰু কিতাপ আলীৰ জৰিয়তে আৰক্ষী বিষয়া আব্দুল বাৰেকে এক লাখ টকাৰ ঘোচ বিচৰাত কইনা পক্ষৰ এগৰাকী আত্মীয়ই উক্ত ধনৰাশি প্ৰদান কৰে যদিও গোপনে ম’ৱাইলৰ কেমেৰাত সমগ্ৰ ঘটনা বন্দী কৰে।
দালালৰ জড়িয়তে আৰক্ষী বিষয়া গৰাকীক ৮২ হেজাৰ টকা প্ৰদান কৰাৰ পিছতে আটকাধীন লোকসকলক মুকলি কৰি দিয়া বুলি জানিব পৰা গৈছে ৷
কিছুদিন পিছতে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে উৎকোচ লৈ থকা ভিডিঅ’টি সামাজিক মাধ্যমযোগে ভাইৰেল হৈ পৰে ৷
আৰক্ষী বিষয়াগৰাকীৰ ভাইৰেল ভিডিঅ’টি নলবাৰীৰ আৰক্ষী অধীক্ষক গৰাকীৰ দৃষ্টি গোচৰ হোৱাৰ পিছতে আব্দুল বাৰেকক তাৎক্ষনিকভাৱে ৰিজাৰ্ভ ক্ল’জ কৰে ৷









