পোহৰৰ উৎসৱ দিপাৱলী উপলক্ষে ৰাজ্যৰ দুখন জিলাত স্থানীয় বন্ধ ঘোষণা।
বজালী জিলা প্ৰশাসনে অহা ২৫ অক্টোবৰৰ দিনটো স্থানীয় বন্ধ হিচাপে ঘোষণা কৰিছে।
জিলা উপায়ুক্ত কাবেৰী বি শৰ্মাই এক নিৰ্দেশনা জাৰি কৰি এই কথা জনাইছে।

জিলা প্ৰশাসনে জাৰি কৰা নিৰ্দেশনা অনুসৰি, ২৫ অক্টোবৰ অৰ্থাত মঙলবাৰে জিলাখনৰ সকলো চৰকাৰী কাৰ্যালয়, বিদ্যালয় আৰু মহাবিদ্যালয়, বেংক আদিকে ধৰি চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান বন্ধ থাকিব।
ইয়াৰ উপৰি কামৰূপ মহানগৰ জিলা প্ৰশাসনেও দিপাৱলী উপলক্ষে স্থানীয় বন্ধ ঘোষণা কৰিছে।
সেই উপলক্ষে ২৫ অক্টোবৰ তাৰিখে বিদ্যালয় আৰু মহাবিদ্যালয়ৰ লগতে বন্ধ থাকিব সকলো চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান।

আনহাতে দেৱালী উপলক্ষে ২৫ অক্টোবৰৰ দিনটো স্থানীয় বন্ধ ঘোষণা কৰিছে গোলাঘাট জিলা প্ৰশাসনে।

উল্লেখ্য যে, ২৪ আৰু ২৫ অক্টোবৰত দেশজুৰি ব্যাপক উলহ-মালহেৰে পোহৰৰ উৎসৱ দিপাৱলী উদযাপন কৰা হ’ব।
অৱশ্যে ২৪ অক্টোবৰৰ দিনটো অসমত ৰাজ্যিক বন্ধ থাকিব।









