খড়গপুৰ আই আই টিত অসমৰ ছাত্ৰৰ মৃত্যু সন্দৰ্ভত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীলৈ পত্ৰ প্ৰেৰণ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
খড়গপুৰ IITত অসমৰ তিনিচুকীয়া জিলাৰ ছাত্ৰ ফাইজানৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত পুংখানুপুংখ অনুসন্ধানৰ বাবে পশ্চিম বংগৰ মুখ্যমন্ত্ৰীলৈ পত্ৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
১৪ অক্টোবৰত ছাত্ৰাৱাসৰ কোঠাত উদ্ধাৰ হৈছিল ফাইজানৰ মৃতদেহ।
ছাত্ৰজনৰ মৃত্যুৰ পাছতে খড়গপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ ওচৰত গোচৰ তৰাৰ লগতে পশ্চিম মেদিনীপুৰৰ আৰক্ষী অধিক্ষককো তদন্তৰ বাবে অনুৰোধ জনাইছিল পৰিয়ালৰ লোকে।
এই ঘটনা সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ২০ অক্টোবৰ তাৰিখে পত্ৰ প্ৰেৰণ কৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীলৈ।
ছাত্ৰগৰাকীৰ মৃত্যু সন্দৰ্ভত পুংখানুপুংখ অনুসন্ধানৰ বাবে পশ্চিমবংগৰ মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰে হিমন্ত বিশ্ব শৰ্মাই।









