বৰপেটাৰ বুঢ়া সত্ৰাধিকাৰ বশিষ্ঠ দেৱশৰ্মাৰ স্বাস্থ্যৰ অৱনতি।
ক্ৰমাৎ অসুস্থ হৈ পৰিছে বৰপেটা সত্ৰৰ বুঢ়া সত্ৰাধিকাৰ তথা বৈষ্ণৱ পণ্ডিত বশিষ্ঠ দেৱ শৰ্মা।
বিগত কেইবাদিনো গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ থকা বৈষ্ণৱ পণ্ডিতগৰাকীৰ স্বাস্থ্যৰ অৱস্থা অতি গুৰুতৰ।
বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই GMCHত উপস্থিত হৈ বুঢ়া সত্ৰাধিকাৰগাৰীকৰ স্বাস্থ্যৰ অৱস্থা বুজ লোৱাৰ পিছতে সংবাদ মাধ্যমৰ আগত সত্ৰাধিকাৰগৰাকীৰ স্বাস্থ্য সম্পৰ্কে গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে।

মুখ্যমন্ত্ৰী ড০ শৰ্মাই প্ৰকাশ কৰা মতে- অতি সংকটজনক অৱস্থাত আছে বুঢ়াসত্রীয়া বশিষ্ঠ দেৱ শৰ্মা। যোৱা ৬ ঘণ্টাৰ পৰা তেওঁৰ অধিক স্বাস্থ্যৰ অৱনিত ঘটিছে। উল্লেখ্য যে, সম্প্ৰতি তেওঁক কৃত্ৰিমভাৱে অক্সিজেন প্ৰদান কৰি থকা হৈছে।
দীৰ্ঘদিন ধৰি ক্ৰনিক লিভাৰ ডিজিচ ৰোগত আক্ৰান্ত হৈ আছে বুঢ়া সত্ৰাধিকাৰগৰাকী।
যোৱা ১১ অক্টোবৰত তেওঁক জি এম চি এইছত ভৰ্তি কৰোৱা হৈছিল বশিষ্ঠ দেৱ শৰ্মাক।









