এক শোকাৱহ ঘটনা।
ঘৰৰ সন্মুখত থকা পানী ভৰ্তি খাৱৈত পৰি ৭ বছৰীয়া সম্বন্ধীয় ভাতৃ-ভগ্নীৰ সলিল সমাধি।
বঙাইগাঁও সদৰ থানাৰ অধীনৰ হাপাচাৰাত এই শোকাৱহ ঘটনাটো সংঘটিত হৈছে।
এই ঘটনাটোত মহিবৰ ৰহমানৰ পুত্ৰ ৰেহেন ৰহমান (৭) আৰু মামুন আলীৰ কন্যা মেহেনিমা নাচমিনৰ (৭) মৃত্যু হয়।
জানিব পৰা অনুসৰি, ৰাষ্ট্ৰীয় পথৰ সমীপৰ তথা ঘৰৰ সন্মুখত থকা পানী ভৰ্তি গাত এটাত পৰি এই দুটি শিশুৰ মৃত্যু ঘটে।
সম্প্ৰতি শিশু দুটাৰ মৃতদেহ বঙাইগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত ৰখা হৈছে।









