নিলম্বিত DIG ৰৌণক আলী হাজৰিকাৰ বাসগৃহত ED-ৰ অভিযান।
ৰৌণক আলি হাজৰিকাৰ হেঙেৰাবাৰীস্থিত বাসগৃহত অভিযান চলায় EDয়ে।
আয়তকৈ অসামঞ্জস্য সম্পত্তি আহৰণৰ অভিযোগতেই এই অভিযান চলোৱা হয়।
উল্লেখ্য যে, প্ৰায় এবছৰ কাৰাগাৰত কটাই শুক্ৰবাৰে উচ্চতম ন্যায়ালয়ৰ পৰা জামিন লাভ কৰিছিল নিলম্বিত DIG ৰৌণক আলী হাজৰিকাই।
২০২১ৰ ৫ অক্টোবৰত মুখ্যমন্ত্ৰীৰ নিৰীক্ষণ আৰু তদাৰকী কোষে গ্ৰেপ্তাৰ কৰিছিল হাজৰিকাক।
সমগ্ৰ বিষয় লৈ নতুনকৈ ৰুজু কৰা গোচৰৰ ভিত্তিত অভিযান চলাইছে ই. ডিয়ে।
ৰৌণক আলী হাজৰিকাৰ লগতে তেওঁৰ পত্নী নুৰচাদ ৰৌণক আলী হাজৰিকাকো EDয়ে সোধা-পোছা অব্যাহত ৰাখিছে।









