নিউজ ডেস্ক। চৰকাৰী কাৰ্যালয়ত পুনৰ চলিল সতৰ্কতা আৰু দুৰ্নীতি নিবাৰক শাখাৰ অভিযান।
এইবাৰ অভিযান চলিল যােৰহাট ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত।
এজন লােকৰ পৰা উৎকােচ লৈ ভিজিলেন্সৰ জালত পৰিল লাট মণ্ডল।
মাটি সংক্ৰান্তীয় কামৰ বিনিময়ত উৎকোচ লৈ হাতে-লােটে গ্ৰেপ্তাৰ লাট মণ্ডল মােঃ আব্দুল বাকি শ্বেখ।

এই সংক্ৰান্তত ভুক্তভােগী লোকজনে দুৰ্নীতি নিবাৰক শাখাত অভিযােগ দাখিল কৰাৰ পিছতে চলিল এই অভিযান।

ইতিমধ্যে ধৃত আব্দুল বাকি শ্বেখক জেৰা চলাই দুৰ্নীতি সংক্ৰান্তীয় বহু তথ্য লাভ কৰিছে অভিযানকাৰী দলে।









