পুনৰ ঘোচ কাণ্ড! উৎকোচ লওঁতেই হাতে লোটে গ্ৰেপ্তাৰ লাটমণ্ডল আব্দুল শ্বেখ…

পুনৰ ঘোচখোৰ বিষয়াৰ বিৰুদ্ধে চলিল দুৰ্নীতি নিবাৰক শাখাৰ অভিযান।

এইবাৰ ভিজিলেঞ্চৰ অভিযান চলিল যোৰহাট ৰাজহ চক্ৰৰ কাৰ্যালয়ত।

উৎকোচ লওঁতেই হাতে লোটে গ্ৰেপ্তাৰ হয় এগৰাকী লাটমণ্ডল।

যোৰহাট ৰাজহ চক্ৰৰ লাটমণ্ডল আব্দুল শ্বেখক গ্ৰেপ্তাৰ।

ভূমি সংক্ৰান্তীয় কামৰ বিনিময়ত লৈছিল উৎকোচ।

দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰিছে লাটমণ্ডল শ্বেখক।

এই কথা টুইটাৰযোগে সদৰি কৰিছে সতৰ্কতা আৰু দুৰ্নীতি নিবাৰক শাখাৰ মুৰব্বী জি পি সিঙে।

উল্লেখ্য যে, ঘোচ লৈ যোৱা দুমাহত গ্ৰেপ্তাৰ হৈছে ৩১ জন চৰকাৰী কৰ্মচাৰী।