চাঞ্চল্যকৰ! অপহৰণৰ দুদিন পিছত কেলিফৰ্ণিয়াৰ দুৰ্গম অঞ্চলত উদ্ধাৰ আমেৰিকা নিৱাসী এটা প্ৰৱাসী ভাৰতীয় পৰিয়ালৰ মৃতদেহ…

নিউজ ডেস্কঃ কৰ্মসূত্ৰে আমেৰিকাত বাস কৰা পঞ্জাৱৰ এটা পৰিয়ালৰ মৃতদেহ অপহৰণৰ দুদিন পিছত কেলিফৰ্ণিয়াত উদ্ধাৰ হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

উল্লেখ্য যে, সোমবাৰে উত্তৰ কেলিফৰ্ণিয়াৰ মাৰ্চেড কাউণ্টিৰ এটা ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা অপহৃত হৈছিল প্ৰৱাসী ভাৰতীয় জছদীপ সিং (৩৬), পত্নী জেছলিন কৌৰ (২৭), ৮ মহীয়া সন্তান আৰোহী ধেৰী আৰু জ্যেষ্ঠ ভাতৃ অমনদীপ সিং (৩৯)।

আৰক্ষীয়ে পৰিয়ালটোক অপহৰণৰ এটা ভিডিঅ’ও পৰৱৰ্তী সময়ত প্ৰকাশ কৰিছিল। য’ত এজন মুখাধাৰী ব্যক্তিয়ে হাতৰ বন্দুক দেখুৱাই পৰিয়ালটোক অপহৰণ কৰা পৰিলক্ষিত হৈছিল।

image 58
চাঞ্চল্যকৰ! অপহৰণৰ দুদিন পিছত কেলিফৰ্ণিয়াৰ দুৰ্গম অঞ্চলত উদ্ধাৰ আমেৰিকা নিৱাসী এটা প্ৰৱাসী ভাৰতীয় পৰিয়ালৰ মৃতদেহ… 3

আৰক্ষীয়ে এই ঘটনাৰ তদন্ত অব্যাহত থকাৰ সময়তে কেলিফৰ্ণিয়াৰ একেবাৰে দুৰ্গম গ্ৰাম্য এলেকাৰ এখন ফলৰ বাগিচাৰ ভিতৰত উদ্ধাৰ হয় পৰিয়ালটোৰ আটাইকেইজন সদস্যৰ মৃতদেহ।

প্ৰথমে এগৰাকী স্থানীয় কৃষকে মৃতদেহ কেইটা প্ৰত্যক্ষ কৰি আৰক্ষীক অৱগত কৰাত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ কেইটা উদ্ধাৰ কৰে। তাৰ পিছতে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয়।

এই অপহৰণ আৰু হত্যা কাণ্ডৰ কাৰণ এতিয়ালৈকে স্পষ্ট কৰিব পৰা নাই আৰক্ষীয়ে। প্ৰৱাসী ভাৰতীয় পৰিয়ালটোৱে সদৰী কৰা মতে, তেওঁলোকৰ ব্যৱসায়ীক প্ৰতিষ্ঠানৰ পৰা কোনো ধৰণৰ সামগ্ৰী চুৰি হোৱা নাই যদিও অপহৰণৰ সময়ত তেওঁলোকে দামী সোণৰ গহণা পৰিধান কৰি আছিল।

image 59
চাঞ্চল্যকৰ! অপহৰণৰ দুদিন পিছত কেলিফৰ্ণিয়াৰ দুৰ্গম অঞ্চলত উদ্ধাৰ আমেৰিকা নিৱাসী এটা প্ৰৱাসী ভাৰতীয় পৰিয়ালৰ মৃতদেহ… 4

ইফালে আৰক্ষীয়ে এই অপহৰণ কাণ্ডৰ সন্দৰ্ভত মেনুৱেল ছালগাডোক (৪৮) নামৰ এজন ব্যক্তিক আটক কৰি তদন্ত অব্যাহত ৰাখিছে।

বিদেশৰ মাটিত এনেদৰে এটা ভাৰতীয় পৰিয়ালৰ একেলগে সংঘটিত হোৱা হত্যাকাণ্ডই ভাৰততো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।