শোকাৱহ! পূজালৈ গৈ থকাৰ সময়তে তীব্ৰবেগী বাহনৰ খুন্দাত কৰুণ মৃত্যু কণমানিৰ…

পূজাৰ উছাহৰ মাজতে এক শোকাৱহ ঘটনা।

পূজালৈ গৈ থকাৰ সময়তে তীব্ৰবেগী বাহনৰ খুন্দাত কৰুণ মৃত্যু এটি কণমানিৰ।

সোণাৰি সৰুপথাৰত অষ্টমীৰ দিনা সংঘটিত হয় এই কৰুণ ঘটনাটো।

পৰিয়ালৰ সৈতে পূজা চাবলৈ গৈ পথৰ দাঁতিত ৰৈ থকা অৱস্থাতে এখন তীব্ৰবেগী বলেৰ’ বাহনে মহতীয়াই নিয়ে কণমানিটোক।

দুৰ্ঘটনাটোত ফলত নিহত হয় তনুজ গগৈ নামৰ লোকজনৰ ১২ বছৰীয়া পুত্ৰ সন্তানটি।

জানিব পৰামতে, সাপেখাতী দিশৰ পৰা সোণাৰি অভিমুখী এখন তীব্ৰবেগী বলেৰ’ পিক্আপ বাহনে এটি পৰিয়ালে পূজা চাবলৈ আহি পথৰ কাষত ৰৈ থকা অৱস্থাত এটি কণমানি শিশুক মহতীয়াই থৈ পলায়ন কৰে।

ফলত গুৰুতৰভাৱে আহত হয় তনুজ গগৈ নামৰ লোকজনৰ ১২ বছৰীয়া পুত্ৰ সন্তানটি।

দুৰ্ঘটনা সংঘটিত হোৱাৰ কিছুসময় পিছতে ঘটনাস্থলীত উপস্থিত হয় সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ।

বিধায়কজনে ততাতৈয়াকৈ শিশুটিৰ চিকিৎসাৰ বাবে চিকিৎসালয়ৈ প্ৰেৰণ কৰে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে।

ঘটনা সন্দৰ্ভত সোণাৰি আৰক্ষীক অৱগত কৰা হৈছে যদিও বৰ্তমানেও বলেৰ’ বাহনখনক জব্দ কৰিব পৰা নাই।