আজিৰ দিনটোত তৃতীয়জন ঘোচখোৰ চৰকাৰী বিষয়া গ্ৰেপ্তাৰ।
এইবাৰ জালত পৰিল লাহৰীঘাট থানাৰ ASI অম্বিক কুমাৰ নাথ।
অভিযোগকাৰীৰ পৰিয়ালক সাহায্য প্ৰদানৰ বাবে দাবী কৰা ধন লওঁতেই হাতে-লোটে গ্ৰেপ্তাৰ হয় ASI অম্বিক কুমাৰ নাথ।
দুৰ্নীতি নিবাৰক শাখাই অভিযান চলাই গ্ৰেপ্তাৰ কৰে আৰক্ষী বিষয়াগৰাকীক।
টুইটাৰযোগে অম্বিক কুমাৰ নাথৰ গ্ৰেপ্তাৰৰ কথা সদৰী কৰিছে বিশেষ সঞ্চালকপ্ৰধান জিপি সিঙে।
Third trap of the day. ASI Ambik Kr Nath of Lahorighat PS District Morigaon has been trapped and arrested red handed today by team of @DIR_VAC_ASSAM while accepting demanded money for giving relief to the family members of the complainant in connection with a Lahorighat PS Case pic.twitter.com/pU00J7IP6G
— GP Singh (@gpsinghips) September 28, 2022
উল্লেখ্য যে, বুধবাৰৰ দিনটোত উৎকোচ লৈ গ্ৰেপ্তাৰ হৈছিল আন দুজন চৰকাৰী কৰ্মচাৰী।
হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাৰ ভূমি বস্তােবস্তি কাৰ্যালয়ৰ কৰ্মচাৰী উৎপল কুমাৰ নাথ আৰু অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ পৰা গ্ৰেপ্তাৰ ইউবিৰ নায়ক মিয়াচান্দ আলী।









