নিউজ ডেস্ক। গুৱাহাটী মহানগৰত নিশা সংঘটিত হ’ল এক চাঞ্চল্যকৰ ঘটনা।
সুৰাৰ ৰাগিত মতলীয়া যুৱতীয়ে বাহনেৰে মহটিয়াই নিলে ৰাজপথত কাম কৰি থকা ৮ জনকৈ শ্ৰমিকক।
ইয়াৰ ভিতৰত গুৰুতৰভাৱে আহত চাৰিজনকৈ শ্ৰমিকৰ লগতে আৰু আন চাৰিজনকো সংকটজনক অৱস্থাত গুৱাহাটী মেডিকেল হস্পিতালত ভৰ্তি কৰোৱা হয়।
ঘটনাৰ পাছতে ৰাজপথতে সুৰামত্ত যুৱতীয়ে আৰক্ষীৰ সৈতেও তৰ্কযুদ্ধত লিপ্ত হয়।
এই ঘটনা সংঘটিত হয় ৰুক্মিণী গাঁৱত।
ঘটনাৰ খবৰ লাভ কৰি ঘটনাস্থলীত উপস্থিত হয় দিছপুৰ থানাৰ যান বাহন আৰক্ষী ৷
জানিব পৰা মতে, গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত এজন শ্ৰমিকৰ ভৰি ছিঙি গৈছে সেই দুৰ্ঘটনাত ৷ কিন্তু বৰ্তমানলৈকে শ্ৰমিকজনৰ পৰিচয় লাভ কৰা নাই আৰক্ষীয়ে।
দুৰ্ঘটনা সংঘটিত কৰা চেভ্ৰলেট বাহন খনৰ নম্বৰ হ’ল AS-01AG-2194।









