গুৱাহাটী বিশ্ববিদ্যালয়ৰ শ্ৰেণীসমূহৰ ভাৰপ্ৰাপ্ত সচিব ড০ দিলীপ বৰাক দায়িত্বৰ পৰা অব্যাহতি

গুৱাহাটী বিশ্ববিদ্যালয়ৰ শ্ৰেণীসমূহৰ ভাৰপ্ৰাপ্ত সচিব ড৹ দিলীপ বৰাক দায়িত্বৰ পৰা অব্যাহতি।

এক জাননীযোগে এই কথা প্ৰকাশ কৰে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই।

উল্লেখ্য যে, নিজৰ দায়িত্বৰ পৰা অব্যাহতি বিচাৰি ড০ বৰাই সোমবাৰে উপাচাৰ্য ড৹ প্ৰতাপজ্যোতি সন্দিকৈলৈ প্ৰেৰণ কৰিছিল এক পত্ৰ।

উক্ত পত্ৰখন লাভৰ পাছতেই বিশ্ববিদ্যালয় কৰ্তৃপক্ষই তেখেতক শ্ৰেণীসমূহৰ ভাৰপ্ৰাপ্ত সচিবৰ দায়িত্বৰ পৰা অব্যাহতি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে।

6f7f92bc 1688 441f 9efe fe056e944e32

আনহাতে ড৹ বৰাৰ ঠাইত শ্ৰেণীসমূহৰ নতুন ভাৰপ্ৰাপ্ত সচিবৰ দায়িত্ব বিশ্ববিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ অধ্যাপক প্ৰফেছৰ পাৰ্থপ্ৰতিম বৰুৱাক প্ৰদান কৰা হয়।

উল্লেখ্য যে, ড০ বৰা APDCLৰ ফলাফল ঘোষণাৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ে গঠন কৰা ৩ জনীয়া বাহ্যিক পৰীক্ষা কোষৰ অন্যতম সদস্য আছিল।

সেই পৰীক্ষা কোষৰেই আন দুজন সদস্যৰ বিৰুদ্ধে CM ভিজিলেঞ্চত দাখিল হৈছিল ফলাফল ঘোষণাত অনিয়ম সংঘটিত কৰাৰ অভিযোগ।

উক্ত অভিযোগৰ ভিত্তিতেই CM ভিজিলেঞ্চে তদন্ত কৰি লাভ কৰা প্ৰমাণৰ ভিত্তিত কোষটোৰ সদস্য শশাংক শইকীয়াক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে।

এই ঘটনাৰ পিছতেই হঠাৎ এনেদৰে ড৹ বৰাই শ্ৰেণীসমূহৰ ভাৰপ্ৰাপ্ত সচিবৰ দায়িত্বৰ পৰা অব্যাহতি গ্ৰহণ কৰা কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিছে।

Leave a Comment