ৰাজ্যত চলি থকা মাধ্যম বিতৰ্কৰ মাজতে সৰ্বভাৰতীয় পৰ্যায়ত উজ্বলিল এগৰাকী অসমীয়া মাধ্যমৰ ছাত্ৰী।
অসমীয়া মাধ্যমৰ শিক্ষাৰ্থীয়ে সৰ্বভাৰতীয় পৰ্যায়ত সফলতা লাভ কৰিব নোৱাৰে বুলি চৰকাৰে মত পোষন কৰি থকাৰ সময়তে NEET পৰীক্ষাৰ ফলাফলে যেন গোটেই বিতৰ্কটোৰে সমাধান আগবঢ়ালে।
মাধ্যম বিতৰ্কৰ মাজতে সৰ্বভাৰতীয় ‘নীট’ত উজলিছে অসম জাতীয় বিদ্যালয়ৰ এগৰাকী প্ৰাক্তন ছাত্ৰী।
অসম জাতীয় বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী অনন্যা মেধীয়ে শেহতীয়াকৈ ঘোষণা কৰা NEET পৰীক্ষাত উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰীৰ ভিতৰতে শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হৈছে।

মুঠ ৭০০ নম্বৰৰ ভিতৰত অনন্যাই লাভ কৰিছে ৬৯৪ নম্বৰ।
নুনমাটিৰ অসম জাতীয় বিদ্যালয়ত অসমীয়া মাধ্যমতে স্কুলীয়া সমাপ্ত কৰা অনন্যাই উচ্চ মাধ্যমিকতো ৰাজ্যৰ ভিতৰতে নৱম স্থান দখল কৰিবলৈ সক্ষম হৈছিল।
এইগৰাকী মেধাৱী ছাত্ৰীয়ে লাভ কৰা সফলতাত উৎফুল্লিতৈ হৈ পৰিছে অসম জাতীয় বিদ্যালয়ৰ পৰিয়াল।
অনন্যাই সদ্য ঘোষিত ফলাফলত উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰীৰ ভিতৰতে শীৰ্ষস্থান দখল কৰাৰ লগতে সৰ্বভাৰতীয় পৰ্যায়ত ২০৫ সংখ্যক স্থান দখল কৰিছে।
উল্লেখ্য যে, অনন্যা মেধী গুৱাহাটীৰ জি এছ ৰোডস্থিত এলেন কোচিং চেণ্টাৰত NEETৰ বাবে প্ৰস্তুতি চলাইছিল।

এলেন গুৱাহাটীৰ পৰা এইবাৰ মুঠ ৬৯ গৰাকী শিক্ষাৰ্থীয়ে এই পৰীক্ষাত সফলতা অৰ্জন কৰিছে।
এই ৬৯ গৰাকী শিক্ষাৰ্থীৰ ভিতৰত ৭ গৰাকীয়ে ৬৫০ ৰো অধিক নম্বৰ লাভ কৰাৰ লগতে ২৪ গৰাকীয়ে ৬০০ ৰো অধিক নম্বৰ লাভ কৰিছে।
আনহাতে ৩৮ গৰাকী শিক্ষাৰ্থীয়ে ৫৫০ ৰো অধিক নম্বৰ লাভ কৰি সৰ্বভাৰতীয় পৰ্যায়ত সফলতা লাভ কৰিছে।
অতি উল্লেখনীয় যে, অসমীয়া মাধ্যমত অধ্যয়ন কৰি এইদৰে অনন্যাই লাভ কৰা সফলতাই এতিয়া মাধ্যম যে কেতিয়াও সফলতা প্ৰাপ্তিৰ ক্ষেত্ৰত হেঙাৰ হ’ব নোৱাৰে সেই কথাক প্ৰমাণ কৰিলে।









