দুঃসাহস! নিজৰ জীৱনকো তুচ্ছ কৰি নৈয়ে উটুৱাই নিয়া ৫ কিশোৰীক উদ্ধাৰ কৰিলে এগৰাকী যুৱকে, সন্ধানহীন এগৰাকী মহিলা…

এগৰাকী যুৱকৰ দুঃসাহস।

নিজৰ জীৱনকো তুচ্ছ কৰি নৈয়ে উটুৱাই নিয়া ৫ কিশোৰীক উদ্ধাৰ কৰিলে এগৰাকী যুৱকে। ব

বোকাখাতৰ ডিফলু নদীৰ ওলমা দলঙৰ সমীপতে সংঘটিত হয় এই ঘটনা।

জানিব পৰা মতে, পাঁচ গৰাকী কিশোৰীৰ সৈতে বাগানত কাম কৰিবলৈ যোৱা এগৰাকী মহিলাই ৫গৰাকী কিশোৰীৰ সৈতে ডিফলু নৈ পাৰ হওঁতেই ডিফলু নদীৰ সোঁতে কেওগৰাকীকে উটুৱাই নিয়ে।

লগে লগে স্থানীয় পিন্টু তাঁতী নামৰ যুৱকজনে নিজৰ প্ৰাণকো তুচ্ছ কৰি পানীত জঁপিয়াই ৫ গৰাকী কিশোৰীক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

অৱশ্যে ভাৰতী ভুমিজ নামৰ মহিলাগৰাকীক পানীত বুৰি সন্ধানহীন হৈ পৰে।

ঘটনাৰ পাছতে স্থানীয় লোকে সন্ধানহীন হোৱা ভাৰতী ভুমিজৰ সন্ধানত অভিযান অৰম্ভ কৰে।

ঘটনাৰ খবৰ পোৱাৰ পাছত বোকাখাতৰ এটি আৰক্ষীৰ দল আৰু এনডিআৰএফৰ উদ্ধাৰকাৰী দলগৈ ঘটনাস্থলীত উপস্থিত হয় আৰু সন্ধানহীন ভাৰতী ভুমিজৰ সন্ধানত ডিফলু নদীত অভিযান আৰম্ভ কৰে।

ইপিনে এই সাহসীকতাৰ বাবে যুৱকজনক সকলোৱে শলাগিছে।