মিত্ৰতা ভংগৰ পিছতেই কংগ্ৰেছ আৰু AIUDFৰ মাজত যেন বৃদ্ধি পাইছে সংঘাত।
দুয়োটা দলৰ শীৰ্ষ নেতৃত্বৰ মাজত তীব্ৰতৰ হৈছে বাকযুদ্ধ।
এইবাৰ এআইইউডিএফৰ বিৰুদ্ধে সৰৱ কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদ।
দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ চাৰিবাৰৰ বিধায়ক ছিদ্দিক আহমেদে AIUDFক আজমলৰ ব্যক্তিগত কোম্পানী আখ্যা দিছে।
ছিদ্দিক আহমেদে কয়- অসমৰ সংখ্যালঘু ৰাইজৰ সংকটময় পৰিস্থিতিৰ বাবে AIUDFএ দায়ী। AIUDF ৰাজনৈতিক দল নহয়, আজমলৰ ব্যক্তিগত কোম্পানীহে।
AIUDFৰ পঞ্জীয়ন কৰ্তনৰ বাবেও নিৰ্বাচন আয়োগক দাবী জনায় ছিদ্দিক আহমেদে।
এই মন্তব্যৰ পিছতে AIUDF ৰ দুগৰাকী বিধায়কেও উভতি ধৰে প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদক।
AIUDFৰ বিধায়িনী দলৰ নেতা হাফিজ বছিৰ আহমেদ কাছিমি আৰু দলগাঁওৰ বিধায়ক মুজিবুৰ ৰহমানে ছিদ্দিক আহমেদ আৰু কংগ্ৰেছ দলক তীব্ৰ সমালোচনা কৰি AIUDF সম্পৰ্কত কটু মন্তব্য নকৰিবলৈ সকীয়াই দিয়ে।









